পট ইনভিটেশ্যনেল ট্ৰেক টুৰ্ণামেণ্টত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা নীৰজ চোপ্ৰাই ৮৪.৫২ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ কৰি প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক লাভ কৰিছে।
নীৰজ চোপ্ৰাঃ ভাৰতৰ শ্ৰেষ্ঠ জেভেলিন খেলুৱৈৰ ভিতৰত নীৰজ চোপ্ৰাক গণ্য কৰা হয়। তেওঁৰ বাবেই ভাৰতৰ প্ৰতিটো ঘৰতে জেভেলিন জনপ্ৰিয় হৈ পৰিছে। এতিয়া দক্ষিণ আফ্ৰিকাৰ পটচেফষ্ট্ৰুমত অনুষ্ঠিত হোৱা পট ইনভিটেশ্যনেল ট্ৰেক টুৰ্ণামেণ্টত জয়লাভ কৰি নীৰজে নিজৰ ছিজনৰ এক সুন্দৰ আৰম্ভণি কৰিলে। ইয়াৰ ফলত আগন্তুক ডাইমণ্ড লীগ প্ৰতিযোগিতাখনৰ প্ৰতি তেওঁৰ আত্মবিশ্বাস বৃদ্ধি পাব।
শীৰ্ষ স্থানত অৰ্জন কৰে নীৰজ চোপ্ৰাই
বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ চেলেঞ্জাৰ প্ৰতিযোগিতাত ৮৪.৫২ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰি ছয়জনীয়া প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰে নীৰজ চোপ্ৰাই। ভাৰতৰ তাৰকা চোপ্ৰাই দক্ষিণ আফ্ৰিকাৰ ২৫ বছৰীয়া ডাউৱে স্মিটৰ আগত ৮২.৪৪ মিটাৰত সৰ্বোত্তম থ্ৰ’ৰ স্থান দখল কৰে। তেওঁৰ প্ৰদৰ্শন অৱশ্যে তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰতকৈ কম হোৱাৰ বিপৰীতে স্মিট তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ ৮৩.২৯ মিটাৰৰ ওচৰ চাপিছিল।
তৃতীয় স্থান লাভ কৰে ডানকান ৰবাৰ্টছনে
প্ৰতিযোগিতাখনত মাত্ৰ দুজন খেলুৱৈ নীৰজ চোপ্ৰা আৰু ডৌৱে স্মিটে ৮০ মিটাৰৰ সীমা অতিক্ৰম কৰে। দক্ষিণ আফ্ৰিকাৰ আন এজন খেলুৱৈ ডানকান ৰবাৰ্টছনে ৭১.২২ মিটাৰ প্ৰচেষ্টাৰে তৃতীয় স্থান দখল কৰে। চোপ্ৰাই চেক গণৰাজ্যৰ নতুন প্ৰশিক্ষক জান জেলেজনীৰ তত্বাৱধানত পটচেফষ্ট্ৰুমত অনুশীলন কৰি আছে। জেলেজনী তিনিবাৰৰ অলিম্পিক চেম্পিয়ন আৰু বিশ্ব অভিলেখধাৰী।
দুটা অলিম্পিক পদক লাভ কৰা একমাত্ৰ ভাৰতীয়
যোৱা বছৰ জাৰ্মানীৰ দীৰ্ঘদিনীয়া প্ৰশিক্ষক ক্লাউছ বাৰ্টনিটজৰ সৈতে বিচ্ছেদ ঘটিছিল ২৭ বছৰীয়া নীৰজ চোপ্ৰাই। ১৬ মে’ৰ পৰা ডোহা ডাইমণ্ড লীগত অভিজাত প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব।২০২০ চনৰ টকিঅ’ (সোণ) আৰু ২০২৪ চনৰ পেৰিছ গেমছ (ৰূপ)ত একেৰাহে অলিম্পিক পদক লাভ কৰে। চোপ্ৰাৰ ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰ, যিটো তেওঁ ২০২২ চনত লাভ কৰিছিল। তেওঁ একমাত্ৰ ভাৰতীয় জেভেলিন খেলুৱৈ যিয়ে দুটা অলিম্পিক পদক লাভ কৰিছে।