ডিম্পু বৰুৱা ভাৰতৰ অসমৰ এজন ইউটিউবাৰ ৷ তেওঁৰ ডিম্পু বৰুৱা আৰু ডিম্পুৰ vlogs ইউটিউব চেনেলত অসমীয়াত ভিডিঅ’ আপলোড কৰা ইউটিউব চেনেলসমূহে ইতিমধ্যে ২০ লাখ subscribe অতিক্ৰম কৰিছে। তেওঁৰ হিন্দী ভাষাৰ এটা ইউটিউব চেনেল আছে যাৰ নাম Diiimpu ৷ তেওঁৰ দ্বিতীয়টো চেনেলত বৰ্তমান ২৮,৮০,০০০ গ্ৰাহক আছে
ব্যক্তিগত জীৱনৰ কিছু কথা
পিতৃৰ নাম পীতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। পৰিয়ালত তেওঁ একমাত্ৰ সন্তান। ডিম্পুৱে শৈশৱ ককাকৰ ঘৰত কটালে। সৰুৰে পৰা লাজ লগা আছিল তেওঁ বৰ্তমান ইউটিউবত অসমীয়াত ব্লগিং কৰি আছে।
শিক্ষা
ডিম্পু বৰুৱাই দেবিৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰী কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ডি.এল.এড. -এয়াও পৰিৱেশন কৰে।
Working life
প্ৰথম অৱস্থাত তেওঁ নলবাৰীৰ এখন বিদ্যালয়ত অংশকালীনভাৱে অধ্যাপনা কৰিছিল। বৰ্তমান ইউটিউব তেওঁৰ পেছা
সামাজিক কাম
২০২০ বৰ্ষৰ অসম বানাক্ৰান্ত ৰাইজৰ বাবে ৪৩,০০০ টকা আৰু গৃহহীন বানাক্ৰান্তৰ মাজত বিতৰণ কৰে তেওঁ বৰ্তমান ইউটিউবতো অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ কাম কৰি আছে।